পুৰনি নিয়মৰ শুভবার্তা – ১১ – দায়ূদ – চিৰস্থায়ী ৰাজসিংহাসন

শুভবাৰ্তা বহুত আগতে ঘোষণা কৰা হ‘ল যেতিয়া ঈশ্বৰে দায়ূদৰ এজন সন্তানক সদায়ৰ বাৱে ৰজা হিচাপে স্থাপন কৰিব প্ৰতিজ্ঞা কৰিলে।  সেইজন সত্য ৰজাৰো ৰজা হব বুলি কোৱা হৈছে, আৰু তেওঁৰ আগত সকলো জাতিবোৰ বশ হব। এই বাণী আৰু ব্যাবস্থা যীচু খ্ৰীষ্টত পূৰ্ণ হয় গল। তেওঁৰ জন্মত স্বৰ্গদূতে আৰু মানুহে খ্ৰীষ্ট আৰু ৰজা বুলি যীচুক মাতিলে। তেওঁ নিজে ক‘লে যে তেওঁ ৰজা আৰু এই উদ্দেশ্যলৈ তেওঁ জগতলৈ আহিল। কিন্তু তেওঁ ক‘লে যে তেওঁৰ ৰাজ্য এই জগতৰ নহয়। ৰক্তপাত, জোৰ, পইচা, আৰু মানুহৰ ক্ষমতা তেওঁ ৰাজ্য নচলায়, বৰঞ্চ সত্য, প্ৰেম, আৰু ঈশ্বৰৰ লগত আকৌ মিলন হোৱা তেওঁৰ ৰাজ্য চলায়। উদ্ধাৰ পাবলৈ আপুনি ঈশ্বৰৰ মনোনীত ৰজাৰ আগত সমৰ্পন কৰি বশ হব লাগিব। মূল বাইবেল পদ হ‘ল – ২ চমূৱেল ৭:১২-১৩ ।