মিছা খ্ৰীষ্টান মানে কি ?

বহুত মানুহে নিজকে খ্ৰীষ্টান বুলি মাতে আৰে নিজকে উদ্ধাৰ পোৱা বুলি ভাৱে যেতিয়া আচল অৱস্থা মিছা হয়। মিছা খ্ৰীষ্টান কি হয়? ইয়াৰ অৰ্থ হ’ল যাৰ জীৱন-যাপনটো বাইবেলৰ লগত নিমিলাই। সিসঁতে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয় কিন্তু সিসঁতৰ কাৰ্য্যবোৰ নিমিলাই। মিছা খ্ৰীষ্টানবোৰে বাইবেল প্ৰায় নপঢ়ে আৰু বাইবেলখন সিসঁতৰ মনত আমনি লগা বা ‘বৰিং’ লগা। সিসঁতে হেৰুৱা মানুহৰ কাৰণে প্ৰাৰ্থনা নকৰে আৰু পবিত্ৰতাত বৃদ্ধি পাবলৈ কেৰেপ নকৰে। দেওবাৰত চাৰ্চলৈ গ’লেও বা দিঙিত ক্ৰোচৰ মালা পিন্ধিলেও, সিসঁতে পুৰণা বন্ধুৰ লগত লেতেৰা  ফুচুৰি কয় আৰু সময় কটায়। সিসঁতে বেয়া অভ্যাস আৰু মনত বেয়া চিন্তা ৰাখে। সিসঁতে পৰিবৰ্ত্তিত কেতিয়াও হোৱা নাই।

কিন্তু এজন সত্য বিশ্বাসকাৰীৰ ভিতৰত ঈশ্বৰৰ প্ৰতি এটা গভিৰ অনুৰাগ থাকিব। তাৰ আটাইতকৈ ডাঙৰ প্ৰেম ঈশ্বৰৰ বাবে হ’ব। যীচু খ্ৰীষ্ট তাৰ প্ৰিয় গুপ্তধন বুলি পুৰণা বস্তু বদল কৰিব। নিজকে পৰীক্ষা কৰা। আপুনি নতুন জন্ম পালে নে? আপুনি সঁচা খ্ৰীষ্টান হয় নে মিছা খ্ৰীষ্টান হয়? সাৱধান। মিছা খ্ৰীষ্টানে স্বৰ্গলৈ নাযায়।

তীত :১৬ – ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্য্যেৰে অস্বীকাৰ কৰে

২ কৰিন্থীয়া ১৩:৫ – তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নে কি, যে যীচু খ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে, তোমালোক অপ্ৰমাণিক লোক।