যোহন ৭ – জীৱনময় পানীৰ নইবোৰ

ইয়াত সকলো বিশ্বাসকাৰীৰ বাবে পবিত্ৰ আত্মাৰ উপচি পৰা আশীৰ্ৱাদটো পাবলৈ এটা প্ৰতিজ্ঞা আছে । সঁচাকৈ আত্মাৰে পৰিপূৰ্ণ হোৱাটো মানে কি ? আত্মাৰে পৰিপূৰ্ণ হোৱাটো কেৱল সেৱাকাৰ্য্যৰ শক্তি বা অলৌকিক শক্তি নহয় । তাতকৈ গভীৰ অৰ্থ আছে । তেওঁ সত্যৰ আত্মা বুলি কোৱা হয় , কাৰণ তেওঁৰ কাম হ‘ল যীচুক সত্যৰ দ্বাৰাই প্ৰকাশ কৰি মহিমান্বিত কৰা । যীচুৰ সত্যতা আৰু গভীৰকৈ গম পোৱা আৰু তেওঁ লগত সহভাগীতা পোৱা হ‘ল আমাৰ পিয়াহ লগা প্ৰাণবোৰৰ বাবে সন্তোষজনক পানী।

যোহন ৭:৩৭-৩৯ – “পাছে পৰ্ব্বৰ শেষ দিনা , অৰ্থাৎ প্ৰধান দিনা , যীচুৱে থিয় হৈ , বৰ মাতেৰে কলে , কোনো মানুহৰ যদি পিয়াহ লাগে , তেওঁ মোৰ ওচৰলৈ আহি পান কৰক । যি কোনোৱে মোত বিশ্বাস কৰে , ধৰ্ম্মশাস্ত্ৰে কোৱাৰ দৰে , তেওঁৰ ভিতৰৰ পৰা জীবনময় জলৰ নৈবোৰ ওলাই বৈ যাব । তেওঁত বিশ্বাস কৰাবিলাকে যে আত্মা পাব , তাৰ অৰ্থে তেওঁ এই কথা কলে ; কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল ; কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাই । “

Download