যোহন ৬ – ঈশ্বৰৰ সাৰ্বভৌমত্ব

ঈশ্বৰৰ সাৰ্বভৌমত্বৰ অৰ্থ হ‘ল, যে তেওঁ সকলো নিয়ন্ত্ৰণ কৰে, ঠিক এজন ৰজা আৰু তেওঁৰ ৰাজ্যৰ দৰে। আন কি পৰিত্ৰাণৰ ক্ষেত্ৰত ই সত্য হয়। অৱশেষত যি যোনে উদ্ধাৰ পাব ঈশ্বৰে বাছি ল‘ব, আৰু এই নিৰ্বাচন কেৱল বিনামূলীয়া দয়াৰ কাৰণে হয়। ঈশ্বৰে হেৰুৱা মানুহক খ্ৰীষ্টলৈ অহাৰ ক্ষমতা দিবই লাগিব, নহ‘লে সিহঁতে কেতিয়াও নাহিব! অন্তৰত সকল মানুহ সম্পূৰ্ণৰূপে ভ্ৰষ্টাচাৰী আৰু পাপিষ্ঠ। নিজৰ ইচ্ছাৰ দ্বাৰাই যদি হয়, এই অধ্যায়ত থকা যিহোদী মানুহৰ দৰে সিহঁতে খ্ৰীষ্টক অগ্ৰাহ্য কৰিব। কিন্তু যেতিয়া ঈশ্বৰে অনুগ্ৰহ দি মানুহৰ অন্তৰত কাম কৰে, তেতিয়া এই জোৰৰ ইমান প্ৰভাৱ আছে যে সেইজন আহিবই লাগিব। সিহঁতে অনিবাৰকৈ যীচুলৈ নিয়া হয়। মানুহৰ বাছনি আচল আৰু লাগতিয়াল, কিন্তু ই গোপনকৈ জগতৰ সৃষ্টিৰ আগত থকা ঈশ্বৰৰ বাছনিৰ পিছে পিছে যাব। সকলোৱে যেন নম্ৰ হৈ যাওক! সকলোৱে যেন দয়াময় ঈশ্বৰক সেৱা কৰিব! এই শিক্ষা প্ৰায় ‘কেল্ভানিস্ম্’ বুলি কোৱা হয়, বা ‘দয়াৰ শিক্ষা’। এই শিক্ষা ভাৰত আৰু অসমৰ বাবে অতি প্ৰয়োজন। ঈশ্বৰ এটা সৰু দেৱতাৰ নিচিনা নহয় যি মানুহৰ ইচ্ছাৰ আগত প্ৰণিপাত কৰে। মানুহ এটা শুদ্ধ প্ৰাণী নহয়, যি ভাল কৰ্ম্ম বাছি ল‘ব পাৰে। আমাক দয়া লাগে!

যোহন ৬:৪৪ – মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।

Download