যোহন ৫ – পুত্ৰই সকলোকে বিচাৰ কৰিব

এই কাহিনীত দেখা গৈছে যে বিশ্ৰাম বাৰে (যি বাৰক ঈশ্বৰে প্ৰাচীন কালত পৃথক কৰি পবিত্ৰ কৰিলে আৰু যিহূদী মানুহবিলাকক কাম নকৰিবলৈ আদেশ দিলে) যীচুৱে এজন ৰোগীক সুস্থ কৰিলে। যিচুৱেই কিয় এইটো কাম কৰিলে? তেওঁক বিচাৰ কৰা হব লগিয়া এজন অপৰাধী নে? নহয়, যিচুৱেই এটা নিৰ্দিষ্ট শিক্ষা দিয়াৰ কাৰণে সুবিধা পাবলৈ এই অলৌকিক কাম বিশ্ৰাম বাৰে কৰিলে। এই শিক্ষাত যিচুৱে নিজৰ ঈশ্বৰত্ব প্ৰকাশ কৰিলে – পিতৃ ঈশ্বৰৰ লগত সমানতা! যে তেওঁ বিশ্ৰাম বাৰৰ প্ৰভু, যে তেওঁ ঈশ্বৰৰ পুত্ৰ যাক কোনেও বিচাৰ কৰিব নোৱাৰে, যে তেওঁ নিজেই জগতৰ প্ৰত্যেকজন মানুহক বিচাৰ কৰিবলৈ ক্ষমতা পিতৃ ঈশ্বৰৰ পৰা গ্ৰহন কৰিলে – এইবিলাক কথা মানুহক শিকাবলৈ যীচুৱে জানি-বুজিহে এই কামটো বিশ্ৰাম বাৰে কৰিলে। তেওঁ আপোনাকো বিচাৰ কৰিব। নৰকত পেলাবলৈ বা মাফ কৰি স্বৰ্গত লবলৈ, অকল তেওঁৰে হাতত ক্ষমতা আছে।

যোহন ৫:২২ – “পিতৃয়ে কাৰো সোধ-বিচাৰ নকৰি, আটাই সোধ-বিচাৰৰ ভাৰ পুত্ৰক শোধাই দিলে।”

Download