যোহন ৫ – শাস্ত্ৰৰ সাক্ষ্য

তেওঁৰ ঈশ্বৰত্ব আৰু মহিমা ঈশ্বৰৰ পুত্ৰ বোলি প্ৰমাণ কৰিবলৈ, যীচুৱে আমাক চাৰিতা সাক্ষ্য দিয়ে। এইবোৰ সকলো গুৰুত্বৰ: যোহন বাপ্তাইজকৰ সাক্ষ্য, তেওঁৰ আচৰিত কৰ্মৰ সাক্ষ্য, তেওঁৰ পিতৃৰ সাক্ষ্য, আৰু শাস্ত্ৰৰ সাক্ষ্য। যিহোদী মানুহে ইমান দেখিলেও তেওঁক প্ৰতিৰোধ আৰু তুচ্ছ কৰিলে। আজি শাস্ত্ৰ এতিয়াও আমাৰ হাতত আছে, আমাৰ চকুৰ আগত পঢ়া যায়, আৰু আমাৰ বিশ্বাস সক্তিশলী কৰায়। যিহেতু শাস্ত্ৰ সঁচাকৈ ঈশৰৰ বাক্য হয়, যি যোন মিছা কথা ক‘ব নোৱাৰে, যি এইবোৰৰ ওপৰত বিশ্বাস কৰে মুৰ্খ নহয়। যিহোদী মানুহে শাস্ত্ৰ পালে আৰু প্ৰায় পঢ়িছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে শাস্ত্ৰৰ মূল বিষয় নধৰিলে, খ্ৰীষ্ট, আহিব লগীয়া ঈশ্বৰৰ পুত্ৰ। সপোন, দৰ্শন, আশ্চৰ্য্য কাম, বা যি কোনো বেলেগ বিষয়ৰ বাবে নহয়, কিন্তু শাস্ত্ৰত থকা খ্ৰীষ্টৰ সৌন্দৰ্য্য আৰু দয়াৰ বাবে, খ্ৰীষ্টৰ ওপৰত আপোনাৰ বিশ্বাস ৰাখক। ই আমাৰ ভেঁটি হয়। যাৰ আশা ঈশ্বৰৰ বাক্যৰ ওপৰত থাকে লৰচৰ নহ‘ব।

যোহন ৫:৩৯ – ‘ তোমালোকে ধৰ্ম্মশাস্ত্ৰৰ কথা বিচাৰা; কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা; আৰু সেই শাস্ত্ৰেই মোৰ বিষয়ে সাক্ষ্য দিছে; ‘

Download