যোহন ৪ – আচৰিত কাম নে খ্ৰীষ্টক বিচাৰিছে?

আপুনি ঈশ্বৰৰ পৰা কি বিচাৰে?। আপুনি খ্ৰীষ্টৰ পৰা কি বিচাৰে? আশীৰ্বাদ বিচাৰে নে খ্ৰীষ্টকহে বিচাৰে? বহু মানুহে মই যীচুক ভাল পাও বুলি যেতিয়া কয়, আচলতে যীচুকে ভাল নাপায়, কিন্তু যীচুৱে দিব পৰা আশীৰ্বাদ, উপহাৰ, আৰু সহায়ক ভাল পায়। বহু মানুহে মই যীচুক বিশ্বাস কৰো বুলি কয়, কিন্তু আচলতে তেওঁতে বিশ্বাস আৰু আশা কৰা নাই, কিন্তু অকল আশীৰ্বাদ পবলৈ বা আচৰিত, অলৌকিক কাৰ্য্য দেখিবলৈ তেওঁৰ ফালে চাই আছে। এনেকোৱা বিশ্বাসে কাকো উদ্ধাৰ কৰিব নোৱাৰে।
আমি যে খ্ৰীষ্টক মাত্ৰ এজন আমাক সহায় কৰিব পৰা আৰু আচৰিত কাম কৰিব পৰা মানুহ হিচাপে বিশ্বাস কৰিম, এনে নহয়, কিন্তু তেওঁক উদ্ধাৰকৰ্তা হিচপে বিশ্বাস কৰিব লাগিব। যীচু খ্ৰীষ্টক অস্থায়ী আশীৰ্বাদ পাবৰ কাৰণে নাচাব। তেওঁক পাপৰে পৰা উদ্ধাৰ পবলৈ আৰু ঈশ্বৰক জানি স্বৰ্গত অনন্তকাললৈকে থাকিবলৈ বিশ্বাস কৰক।
যোহন ৪:৪৮ – “তাতে যীচুৱে তেওঁক কলে, চিন আৰু অদ্ভুত লক্ষণ নেদেখিলে, তোমালোকে যে বিশ্বাস কৰিবা, এনে কোনোমতেও নহয়“

Download