যোহন ৩ – অবিশ্বাস

প্ৰভু যীচুৱে আমাক শিক্ষা দিয়ে যে অবিশ্বাস নিজে পাপ হয়। ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰোঁতে আমি যে উদ্ধাৰ পোৱাৰ সুযোগটো হেৰুৱাই, অকল সেয়ে নহয়, কিন্তু আমি দেখাই দিওঁ যে আমাৰ অন্তৰ সঁচাকৈ মন্দ হয়। ঈশ্বৰে আমাৰ পৰা অন্ধ বিশ্বাস নুখুজিলেও, তথাপি যোনে সন্ধান কৰে, তাৰ বাবে খ্ৰীষ্টৰ দুৰৰ পৰা থকাৰ কোনো কাৰণ নাই। তেওঁ এই পৃথিৱীৰ ধুনীয়া পোহৰ। তেওঁৰ কথা আৰু কৰ্ম্ম নিখুঁত হয়, আৰু এইবোৰৰ ইমান ওজন আৰু মহিমা আছে। কিন্তু যেনে এজন মানুহে জ্ঞানী ডক্তৰৰ সহায় অগ্ৰাহ্য কৰে, তেনেকৈ অবিশ্বাস মানুহৰ দুৰ্ভাগ্য অৱস্থা দুগুন কৰে, কাৰণ সিহঁতে অকল পাপ সাধন কৰে, এনে নহয়, কিন্তু তাৰ ওপৰত সিহঁতৰ পাপৰ সমাধান পাবলৈ মানুহে পোহৰলৈ আহিব অনিচ্ছুক হয়। সকল মানুহ দায়ী হয়। অন কি যদি বাহ্যিকভাৱে মানুহ ইমান ভাল হৈ দেখাত, যদি সিহঁতে ঈশ্বৰক সন্ধান কৰিবলৈ আৰু শেষত খ্ৰীষ্টৰ বাক্য শুনোঁতে তেওঁক বিশ্বাস কৰিবলৈ অসন্মত হৈ থাকে, তেন্তে সঁচাকৈ গভীৰ ভিতৰত সিহঁতে ঈশ্বৰক প্ৰেম নকৰে, বৰঞ্চ ঘিণ কৰে আৰু মন্দ হয়। বিচাৰ দিনত সকলোৱে দেখিব যে ঈশ্বৰৰ দোষ দিয়াটো ন্যায় আৰু ঠিক হয়। ইয়াৰেই প্ৰভুৰ পৰা এটা সতৰ্ক আছে, যাতে কোনেও ইচ্ছুক অবিশ্বাসত নাথাকে।

যোহন ৩:১৯ – “আৰু সেই বিচাৰ এই যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে; কাৰণ তেওঁবিলাকৰ কৰ্ম্ম মন্দ আছিল।”

Download