যোহন ৩ – নতুন জন্ম পাব লাগে

এই ধৰ্মীয় আৰু সিক্ষিত মানুহ, নীকদীম নামে, খ্ৰীষ্টলৈ আহিছে কিন্তু নতুন জন্ম পোৱা নাই। সি নিজৰ জাতিৰ সকলো নিয়ম আৰু ৰীতিবোৰ পালন কৰিছে, কিন্তু তেওঁৰ অন্তৰক ঈশ্বৰৰ দ্বাৰাই কেতিয়াও সলনি কৰা নাই, আৰু সেই কাৰণে বাধ্য হ’বলৈ তেওঁৰ মতলব ঈশ্বৰক প্ৰেম কৰা নাছিলে। সেয়ে তেওঁ ৰাজ্যৰ কাৰণে অনুপযুক্ত আছিলে। যীচুৱে ক’লে যে অকল পবিত্ৰ আত্মাই আমাক সঁচাকৈ নতুন মানুহ বোলি সৃষ্টি কৰিব পাৰে। এই পৰিবৰ্ত্ওন ইমান বাস্তৱিক আৰু প্ৰভাৱশালী যে এটো নতুন জন্ম বোলি কয়, এটা আত্মিক জন্ম। ঠিক যেন নতুন মন পোৱা। এইটো পোৱাৰ বাহিৰত কোনেও স্বৰ্গলৈ যাব নোৱাৰে। আৰু এই কাম আমাৰ নিয়ন্ত্ৰণত নহয়, কিন্তু আমাৰ বাবে অতি গুৰুতৰ। যি যোনে যেন নিজকে সলনি বা নিয়ন্ত্ৰণ কৰিব পাৰে বোলি ভাবে, আৰু নিজকে এজন ভাল মানুহ কৰাব পাৰে, যীচুৰ শিক্ষাই সিহঁতক তলত পেলাই দিয়ে। এইটো আমাৰ নিজৰ শক্তিৰ বাহিৰত পথ দেখাই দিয়ে, আৰু আমাক খ্ৰীষ্টৰ ফালে কৃপা পাবলৈ জোৰ কৰে। শেষত ঈশ্বৰৰ আত্মাৰ কামৰ বাবে ৰখি থকাত নহয়, বৰং ক্ৰোচৰ কৃপাত যি আমি অনুতাপ আৰু বিশ্বাসৰ দ্বাৰাই পাওঁ আমি এইটো পাম।

যোহন ৩ :৩ – যীচুৱে উত্তৰ দি তেওঁক কলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।