যোহন ১ – যীচুৱে মাতিছে

যীচুৱে দুইটা শব্দ বাৰে বাৰে কয় – ‘আহাঁ,’ আৰু‘মোৰ পাছে পাছে আহাঁ।’ এই নিমন্ত্ৰণ সকলোৰ কাৰণে আজিও ৰৈ আছে যাৰ ইচ্ছা হ‘ল ঈশ্বৰৰ লগত সহভাগীতাত জীৱন যাপন কৰিবলৈ আৰু তেওঁৰ ইচ্ছাত বাধ্য হ‘বলৈ। এই শব্দবোৰ মৰা আৰু পৃষ্ঠাত থকা শব্দবোৰ নহয়, যে মাথোন হাজাৰ বছৰ আগত লিখা হৈছিল। এইবোৰ জীৱন্ত শব্দ যে প্ৰভুৱে সকলো মানুহক কয়। আপোনাৰ জীৱন হাৰক তেহেঁ সেইটো পাব। খ্ৰীষ্টক অনুসৰণ কৰক আৰু আপুনি আন্ধাৰত নাথাকিব। যাৰ দ্বাৰাই তেওঁৰ ওচৰলৈ আমি আহোঁ আৰু তেওঁক অনুসৰণ কৰোঁ হ‘ল বিশ্বাসৰ দ্বাৰাই, দৃষ্টিৰ দাৰাই নহয়। তেওঁৰ মেৰবিলাকে (বা ভেৰাবিলাকে) তেওঁৰ মাত শুনিব আৰু আহিব, আৰু তেওঁৱে সিহঁতক অনন্ত জীৱন দিয়ে। আপুনি তেওঁৰ মাত শুনিব পাৰে নে?

যোহন ১:৪৩ – পাছদিনা, গালীললৈ যাবলৈ মন কৰি, যীচুৱে ফিলিপক পাই কলে, মোৰ পাছে পাছে আহাঁ।