যীচুৰ নিমন্ত্ৰণ পাপী মানুহৰ বাবে

লেবীক নিমন্ত্ৰণ কৰাৰ কাহিনিত আমি শিক্ষো যে এই জগতত দুই ধৰনৰ মানুহ নাথাকে – ধাৰ্মিক আৰু পাপী … বৰং সকলো পাপী হয়। কেৱল যি যোনে সিসঁতৰ বেয়া পাপ গম পায় উদ্ধাৰ পাব পাৰে। সেয়ে বেছি ভাগ সময়তে যিচুৱে আটাইতকৈ বেয়া পাপীৰ লগত সময় কটাইছে। মানুহে যে নিজৰ ধাৰ্মিকতাক ধৰি থাকে, সিসঁতক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ আগ্ৰহ নাই। যি যোনে নিজকে “যোগ্য” বুলি ভাৱে, সিসঁতলৈ ঈশ্বৰৰ আগ্ৰহ নাই। যিচুৱে আহিছে পাপী মানুহক মাতি নিমন্ত্ৰণ কৰিবলৈ, যাতে ঈশ্বৰৰ ফালে সিসঁতে আহিব তেওঁৰ কৃপাৰ দ্বাৰা। মূল বাইবেল পদ হ‘ল – – লূক ৫:২৭-৩২ ।

ইয়াৰ পাচত যীচুৱে ওলাই গৈ, লেবী নামৰ এজন কৰতোলাক, তেওঁৰ কৰ লোৱা চ‘ৰাত বহি থকা দেখিলে। যীচুৱে তেওঁক ক‘লে, ‘মোৰ পাচে পাচে আঁহা’। তেতিয়া তেওঁ উঠি, সকলোকে এৰি থৈ, তেওঁৰ অনুগামী হ‘ল। লেবীয়ে যীচুৰ নিমিত্তে তেওঁৰ ঘৰত এটা বৰ ভোজ পাতিলে, আৰু তাত অনেক কৰতোলা আৰু অন্যান্য মানুহেও তেওঁলোকৰ লগত ভোজত যোগ দিলে। তাতে কোনো কোনো ফৰীচী আৰু তেওঁলোকৰ লগৰ বিধান-পণ্ডিতসকলে, যীচুৰ সিষ্যসকলৰ ওচৰত আপত্তি তুলি তেওঁলোকক সুধিলে, ‘তোমালোকে কৰতোলা আৰু পাপী মানুহৰ লগত কিয় খোৱা-লোৱা কৰা’? যীচুৱে তেওঁলোকক ক‘লে, ‘নিৰোগী মানুহৰ চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্ম্মিকসকলক নহয়, কিন্তু পাপীবিলাককহে মন পালটাবলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ’।