যীচুৰ সৰু হোৱা আৰু ওখ পদ পোৱা

বাইবেলে আমাক কয় যে যীচু খ্ৰীষ্ট সম্পূৰ্ণকৈ ঈশ্বৰ। তেওঁ অনন্তকালৰ পৰাই স্বৰ্গত থাকি, পদত, শক্তিত, আৰু পৱিত্ৰতাত তেওঁৰ পিতৃ ঈশ্বৰৰ লগত সমান। তথাপিও মানৱৰ প্ৰতি তেওঁৰ প্ৰেমৰ কাৰণে, তেওঁ নিজে ইচ্ছা কৰি নিজক নম্ৰ কৰিলে, আৰু মানুহ হৈ গৈ পৃথিৱীলৈ আহি, পাপীৰ মাজত থাকি, শেষত আমাৰ পাপবোৰৰ পৰিশোধ কৰিবলৈ এটা লাজ্জাজনক মৃত্যু বৰণ কৰিলে। তেওঁ সকলোতকৈ ওপৰত থকা পদৰ পৰা সকলোতকৈ তলত থকা পদলৈ নামিলে। কিন্তু কাহিনীটো তাত শেষ হোৱা নাই। বাইবেলে আমাক এইতোও কয়, যে যীচু এতিয়া জীৱিত হৈ তেওঁৰ পিতৃ ঈশ্বৰৰ পৰা সকলোতকৈ ওখ পদ গ্ৰহন কৰিছে। তেওঁ সকলো মানুহ, নবি, গুৰু, স্বৰ্গদূত, আৰু দেৱতাৰ ওপৰত আছে। “যীচু” হ’ল সকলো নামতকৈ শ্ৰেষ্ঠ আৰু ওখ নামটো, আৰু এদিন সৱে আঠু লৈ তেওঁ প্ৰভু বুলি স্বিকাৰ কৰিব!

ফিলিপীয়া ২:৫-১১ – “তেওঁ ঈশ্বৰ-ৰূপী থাকোঁতে…নিজকে শূন্য কৰি…মানুহৰ নিচিনা হ’ল। আৰু আকাৰ-প্ৰকাৰত মানুহৰ দৰে হৈ নিজক সৰু কৰি, মৃত্যুলৈকে, এনে কি, ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল। এই হেতুকে…সকলোৱে, যেন যীচুৰ নামত আঠু লয়,আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন…স্বীকাৰ কৰে, এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে”

Download