ঈশ্বৰৰ আইন – ৯ – মিছা সাক্ষ্য নিদিবা

ঈশ্বৰৰ বাক্য কয় – সকলো মানুহ মিছলীয়া। এই প্ৰচাৰত বিষয়টো হ‘ল যে ইয়াকে আন এবিধ পাপ যাৰ দ্বাৰাই মানুহে ঈশ্বৰৰ পৰা বহুত দুৰলৈ গ‘ল আৰু চৰিত্ৰ তেওঁৰ নিছিনা নহ‘ব। ঈশ্বৰ সত্য হয়, কিন্তু মানুহ মিছলীয়া হয়। ঈশ্বৰে সত্যতা ভাল পায়, কিন্তু মানব জাতিয়ে মিছা বিষয় ভাল পায়। হয়তো আমাৰ পৃথিৱীত চলা মিছা কথাৰ ভিতৰত আটাইতকৈ বেয়া মিছা কথা হ‘ল যেতিয়া এজন মানুহে কয় – ‘ঈশ্বৰৰ লগত মোৰ সহভাগিতা আছে’ তথাপি সি আন্ধাৰত গুৰি ফুৰে, বা যেতিয়া মানুহে অন্তৰত নিজকে ক‘ব যে – ‘মই পাপী মানুহ নহওঁ’। যীচু খ্ৰীষ্ট সত্য। অকল তেওঁৱে আমাৰ মলিৰ পৰা আমাক ধোব পাৰে।

মূল বাইবেল পদ হ‘ল :

যাত্ৰাপুস্তক ২০:১৬ –তুমি লোকৰ অহিএ মিছা সাক্ষ্য নিদিবা

১ যোহন ১:৬ –তেওঁৰে সৈতে আমাৰ সহভাগিতা আছে, ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ;

১ যোহন ১:৮ –আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।