ঈশ্বৰে ন্যায় শাষ্টি নিদিয়াকৈ ক্ষমা কৰিব পাৰে নে?

বহুত মানুহে স্বীকাৰ কৰিব যে সিহঁতৰ জীৱনত অলপ-চলপ পাপ আছে, কিন্তু সিসঁতে ভাবে যে ঈশ্বৰে সহজে ক্ষমা কৰিব। বিশেষকে মুছলমানবোৰে এই ভুল কৰি ভাবে যে যিহেতো ঈশ্বৰ দয়ামৰ হয়, তেনেহলে তেওঁ নিশ্চয়ে অপৰাধবিলাক এনে মাফ কৰিব। ঈশ্বৰৰ বাক্য ইয়াকে সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰি দেখাই যে ঈশ্বৰ দয়াময় আৰু কৃপাময় হলেও, তেওঁ পবিত্ৰ আৰু ধাৰ্মিক হোৱাৰ বাবে তেওঁ পাপ সাশ্তি দিবই লাগিব। অকল খ্ৰীষ্টানবোৰে হঁচাকৈ ঈশ্বৰৰ ক্ষমা কৰাত ন্যায়তা সন্মান কৰে, কাৰণ সি জানে আৰু বিশ্বাস কৰে যে তাৰ সাশ্তি পোৱাৰ যোগ্য পাপ খ্ৰীষ্টৰ ওপৰত থই দিয়া হইছিলে, আৰু খ্ৰীষ্টক – ঈশ্বৰৰ পুত্ৰ হওঁতে – আমাৰ জাগাতে ন্যায় বিচাৰ কৰা হইছিলে। অকল তেওঁৰ তেজৰ দাৰাই আমি ক্ষমা পাওঁ। সকলো বেলেগ ক্ষমা মিছা আশা, আৰু বিচাৰ দিনত ব্যৰ্থ হ‘ব।

মূল বাইবেল পদ হ‘ল :

হিতোপদেশ ১৭:১৫ – যি জনে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু যি জনে ধাৰ্ম্মিকক দোষী কৰে, সিহঁত দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।

যিত্ৰাপুস্তক ৩৪:৬-৭ – “যিহোৱাই তেওঁৰ আগেদি গমন কৰি ইয়াকে ঘোষণা কৰিলে, ‘যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে…’ ”