সকলো অধৰ্মৰ পৰা মুক্তি

মুক্তি এটা মূল্যৰ কাৰণে আহে। পাপৰ পৰা মুক্তিৰ মূল্য কি? এজন মানুহে কেনেকৈ পাপৰ পৰা মুক্তি পায়? আকৌ শুনা এই কাহিনী, যেতিয়া যীচু খ্ৰীষ্টৱে আমাৰ বাবে ক্ৰুচলৈ গ‘ল আৰু পিতৃ ঈশ্বৰে কি কৰিলে যাতে তেওঁ আমাৰ বলিদানস্বৰূপ হয় যাব। এক দিন ইতিহাসত মানৱ জাতিৰ ভৱিষ্যত সলনি কৰিছিলে। আমাৰ প্ৰত্যেক পাপ তেওঁৰ ওপৰত থই দিয়া হ‘ল। তেওঁৰ শৰীৰত আমাৰ পাপবোৰ বই নিলে ক্ৰুচত। তেওঁ আমাক মুক্ত কৰিছিলে আৰু এতিয়া আমাক শুচি কৰে, তেওঁৰ নিজৰ হবলৈ।

মূল বাইবেল পদ হ‘ল – তীত ২:১৪ ।

“মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্ট … তেওঁ আমাক সকলো অধৰ্ম্মৰ পৰা মুক্ত কৰিবলৈ, আৰু সৎকৰ্ম্মত উদ্যোগী নিজ অধিকাৰস্বৰূপ এটি লোকসমূহক নিজৰ অৰ্থে শুচি কৰিবলৈ, আমাৰ কাৰণে নিজকে দান কৰিলে। “