সিদ্ধ হ’ল!

তেওঁৰ মৃত্যুৰ থিক আগতে, প্ৰভু যীচুৱে এই কথা ক’লে: “সিদ্ধ হ’ল!” এইটো কথা কিয় ক’লে? তেওঁ কিহৰ বিষয়ে কৈ আছিল? তেওঁৰ জীৱন? তেওঁৰ আশা? তেওঁৰ অভিযান? আচৰিতকৈ, এই সৰু কথাত আমি সাগৰতকৈ গভীৰ সত্য পাওঁ। এক প্ৰকাৰে, যীচুৱে ইয়াত এটা সৰু বাক্যৰে সম্পূৰ্ণ বাইবেলখনৰ বাণী দিয়ে। এই বাক্যই যীচুৰ বাণী আৰু জগতৰ বাকী সকলো ধৰ্মৰ বাণীৰ মাজত থকা প্ৰকাণ্ড পাৰ্থক্যটো আমাক দেখাই দিয়ে। আৰু সেইটোৱেই নহয়, এই কথাটোৱে আমাক শিকায় যে আমি সকলো পাপৰ সম্পূৰ্ণ ক্ষমা আৰু ঈশ্বৰৰ শাস্তিৰ ভয়ৰ পৰা মুক্তি কেনেকে পাব পাৰোঁ, আৰু ঈশ্বৰে আমাক স্বৰ্গত কেনেকে গ্ৰহন কৰিব পাৰে।

যোহন ১৯:৩০ – “তাতে যীচুৱে সেই চিৰকা পাই ক’লে ‘সিদ্ধ হ’ল।’ আৰু তেওঁ মূৰ দোঁৱাই, আত্মা অৰ্পণ কৰিলে”