গান

– খ্ৰীষ্টিয়ান গান আৰু প্ৰশংসা আমাৰ মণ্ডলীৰ পৰা – – ডাউন্লদ কৰিবলৈ আৰু শুনিবলৈ বিনামূলীয়া:

 

7 short songs

 

 

hymns

 

 

যীচু নামৰ প্ৰশংসা গাওঁ

যীচু নামৰ প্ৰশংসা গাওঁ
যীচু নামৰ প্ৰশংসা গাওঁ
পৰ্বতৰ দৰে মোৰ আশ্ৰয়স্থল
মোৰ মুক্তিদাতাক বিশ্বাস কৰো মই
যীচু নামৰ প্ৰশংসা গাওঁ

সিদ্ধ হওক ইচ্ছা

সিদ্ধ হওক ইচ্ছা প্ৰভু তোমাৰ
মইহে মাটি তুমি কুমাৰ
গঠন কৰা তোমাৰ নক্সাত
আছো অপেক্ষাত নত হৃদয়

মনস্থ কৰিলো যীচুতে চলিম

মনস্থ কৰিলো যীচুতে চলিম, উভতি নাযাওঁ
জগত পিছফালে ক্ৰুচ সন্মুখে, উভতি নাযাওঁ
যদিও কোনো নাথাকে সঙ্গে, উভতি নাযাওঁ

ঈশ্বৰ মঙ্গলময়

ঈশ্বৰ মঙ্গলময়, ঈশ্বৰ মঙ্গলময়, ঈশ্বৰ মঙ্গলময়,
তেওঁ আমাতে মঙ্গলময়।
তেওঁ মোৰ পাপ তুলি নিলে, তেওঁ মোৰ পাপ তুলি নিলে, তেওঁ মোৰ পাপ তুলি নিলে,
তেওঁ আমাতে মঙ্গলময়।
এতিয়া মই মুক্ত, এতিয়া মই মুক্ত, এতিয়া মই মুক্ত,
তেওঁ আমাতে মঙ্গলময়।

ধন্য হওক প্ৰভু যীচুৰ নাম

ধন্য হওক প্ৰভু যীচুৰ নাম
প্ৰত্যেক আৰাধনা প্ৰশংসা তেওঁৰ
আহা সবে মিলি তুলি ধৰি হাত
(গাই) ধন্য হওক সেই নাম
ধন্য হওক সেই নাম
ধন্য হওক প্ৰভু যীচুৰ নাম।

যীচু অনন্ত অসীম

যীচু অনন্ত অসীম প্ৰভুৰো প্ৰভু
ৰজাৰো ৰজা, ইম্মানূয়েল, পবিত্ৰ সেই মেৰ
উজ্জল জ্যোতি তৰা, ঈশ্বৰ মহান।

মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম

মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম তোমাক জনা।
মই আৰু জানিব বিচাৰো।
মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম তোমাক ভালপোৱা।
মই তোমাক ভালপাব বিচাৰো।
মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম তোমাক সেৱা কৰা।
মই সেবা কৰিব বিচাৰো

কি আচৰিত দয়া প্ৰভুৰ

কি আচৰিত দয়া প্ৰভুৰ !
অধমে পাওঁ মুক্তি ।
হেৰাইছিলোঁ, তেওঁ পালে মোক,
অন্ধই পালোঁ দৃষ্টি ।

দয়াই শিকায় কৰিব ভয়;
দয়াই ভয় কৰে দূৰ;
দয়াৰ মূল্য গম পালোঁ মই,
হ‘ল যেতিয়া বিশ্বাস মোৰ ।

ঢৌ-ধুমুহা, বহু বিপদ
আহিলোঁ মই পাৰ হৈ ।
দয়াই আনিছে নিৰাপদ;
দয়াত যাম ঘৰলৈ ।

তাত বাস হলেও হাজাৰ বছৰ,
সূৰ্য্যৰ দৰেই উজ্জ্বল;
তেওঁ প্ৰভুৰ গুণ গাম নিৰন্তৰ,
চিৰদিন, চিৰকাল ।

 

মহিমা ঈশ্বৰৰ

মহিমা ঈশ্বৰৰ, যি কাৰ্য্য কৰিলে,
জগতক, প্ৰেম কৰি নিজ পুত্ৰক দিলে;
যীচু দিলে প্ৰাণ মোৰ প্ৰায়শ্চিতৰ কাৰণ;
দুৱাৰ মেলা আছে সোমাবৰ যাৰ মন।

দোহাৰঃ – গান কৰক, গান কৰক, জগতে মাত শুনক,
গান কৰক, গান কৰক, লোকসমূহ হৰ্ষিত হওক,
পিতৃৰ ওচৰত যীচুৰ নামত আহক;
মহৎ কাৰ্য্য কৰিলে, তেওঁৰ স্তুতি কৰক।

উদ্ধাৰ কেনে সিদ্ধ, তেজে কিনা হল,
যাৰ বিশ্বাস আছে, অঙ্গীকাৰ দিয়া গল;
পাপী যিমান অধম, বিশ্বাস কৰিলে;
তেওঁ ক্ষমা পাব, যীচু মুক্তি দিলে।

মহৎ কাৰ্য্য কৰিলে, তাকে দেখুৱাই
অধিক মোৰ আনন্দ, মোকো প্ৰেম বিলায়;
বিস্ময় মানিম মই যি দিন তেওঁ আহিব,
আটাইবোৰে যীচুক সেই দিন দেখিব।

 

ঈশ্বৰ, তুমি কেনে মহান

হে মোৰ ঈশ্বৰ, মই কেনে আচৰিত হওঁ
তোমাৰ হাতে কৰা সৃষ্টিবোৰ চাই,
তৰাবোৰ চাওঁ, মেঘ গৰ্জ্জন ধ্বনি শুনোঁ
তোমাৰ শক্তি প্ৰকাশে সৃষ্টিখন ।

দোহাৰঃ – তাতে তোমাৰ স্তৱ-স্তুতি কৰো গান,
তুমি মহান, কেনে মহান !
তাতে তোমাৰ স্তৱ-স্তুতি কৰো গান,
ঈশ্বৰ, তুমি কেনে মহান !

যেতিয়া ভাবোঁ তুমি নিজ পুত্ৰকেই
পঠাই দিলা, তাক বুজা মোৰ বৰ টান,
যে, তেওঁ ক্ৰুচত মোৰ পাপৰ ভাৰ বৈ নিলে,
প্ৰাণ অৰ্পিলে যেন মই পৰিত্ৰাণ পাম।

যি দিন যীচু গৌৰৱেৰে আহিব,
মোক লৈ যাব; অহ্ কি সৌভাগ্য মোৰ !
তাতে উবুৰি হৈ তেওঁক সেৱা কৰিম,
তাতো মই গাম “হে নাথ, তুমি মহান” !

 

পবিত্ৰ প্ৰভু

পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু,
পবিত্ৰ প্ৰভু ঈশ্বৰেই সৰ্ব্বশক্তিমান ।
পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু,
পবিত্ৰ প্ৰভু ঈশ্বৰেই সৰ্ব্বশক্তিমান ।
তেওঁ আছিল আৰু আছে আৰু আহিব !
পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু ।

যোগ্য, যোগ্য, যোগ্য প্ৰভু,
যোগ্য প্ৰভু ঈশ্বৰেই সৰ্ব্বশক্তিমান ।
যোগ্য, যোগ্য, যোগ্য প্ৰভু,
যোগ্য প্ৰভু ঈশ্বৰেই সৰ্ব্বশক্তিমান ।
তেওঁ আছিল আৰু আছে আৰু আহিব !
যোগ্য, যোগ্য, যোগ্য প্ৰভু ।

মহিমা, মহিমা, মহিমা প্ৰভুৰ,
মহিমা প্ৰভু ঈশ্বৰৰ সৰ্ব্বশক্তিমান ।
মহিমা, মহিমা, মহিমা প্ৰভুৰ,
মহিমা প্ৰভু ঈশ্বৰৰ সৰ্ব্বশক্তিমান ।
তেওঁ আছিল আৰু আছে আৰু আহিব !
মহিমা, মহিমা, মহিমা প্ৰভুৰ ।

 

হায় হায়, মোৰ প্ৰভু ত্ৰাণকৰ্ত্তাই

হায় হায়, মোৰ প্ৰভু ত্ৰাণকৰ্ত্তাই
ভোগ কৰি ঘোৰ মৰণ,
দিলে আপোন অমূল্য তেজ,
মই অধমৰ কাৰণ !

দোহাৰঃ – ক্ৰুচতেই, ক্ৰুচতেই, য‘ত দেখিলোঁ পোহৰ,
তাত মোৰ পাপৰ বোজা গল বাগৰি,
তাত বিশ্বাস কৰি পালোঁ মই দৃষ্টি,
আৰু মই এতিয়া সদায় সুখী ।

মইহে কৰা পাপৰ কাৰণ
প্ৰাণ দিলে দয়াময়,
অসীম অনুগ্ৰহ প্ৰেম অপাৰ,
কৃপাও তেওঁ অগম্য।

নদী যেন বলেও চকুৰ লো,
নুশুজে ধাৰ প্ৰেমৰ,
হে যীচু, মই নিজ প্ৰান শোধাওঁ
দিবলৈ আন নাই মোৰ ।

 

ক্ৰুচৰ ওচৰত ৰাখা

ক্ৰুচৰ ওচৰত ৰাখা, হে যীচু, মোক সদায়;
অতি সুন্দৰ তাৰ পৰা স্বাস্থ্যকৰ সোঁত বৈ যায় ।

দোহাৰঃ – ক্ৰুচতেই, ক্ৰুচতেই, বৰ গৌৰব কৰোঁ মই;
পৰিশেষত তাৰ পৰাই ভোগ কৰিম, সুখ অক্ষয় ।

ক্ৰুচৰ গুড়িতে পালে প্ৰেম আৰু দয়াই মোক ।
তাত পুৱাৰ তৰাটিয়ে সুপোহৰ দিলে মোক ।

ক্ৰুচৰ কাষতে আছোঁ, দেখুওৱা শোভা মোক;
ৰাখিবা সদায় পথত, প্ৰভু তাৰ ছায়াঁত মোক ।

ক্ৰুচৰ কাষতে জাগিম প্ৰেম আৰু ভৰসাত
পাৰ হৈ গৈ নুঠোমানে সেই সোণাময় পাৰত ।