ক্যাথলিক মানুহে খ্ৰীষ্টক অনুসৰণ কৰে নে?

ভাৰতত আৰু অসমত বহুত জনাজাত আৰু জনপ্ৰিয় ক্যাথলিক স্কুল থাকে। কিন্তু দুৰ্ভাগ্য কথাটো হ‘ল যে বেচিভাগ মানুহে গম নাপায় যে অনেক আগে এই ক্যাথলিক মানুহে শাস্ত্ৰত প্ৰকাশিত যি সত্য খ্ৰীষ্টক ত্যাগ কৰিলে। কেটা কাৰণৰ বাবে আমি জানো যে সিহঁতে এতিয়া খ্ৰীষ্টক অনুসৰণ কৰা নাই আৰু আচল বিশ্বাসকাৰী নহয়, যেনে – সিহঁতে বাইবেলত বহুত শিক্ষা যোগ কৰে, সিহঁতে পোপক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পদ দিয়ে, সিহঁতৰ আৰাধনা আৰু বিশ্বাস মৰিয়মক দিয়ে, সিহঁতে নিজৰ গিৰ্জা ঘৰ মুৰ্তি আৰু চবিৰে পূৰ্ণ কৰে, আৰু সিহঁতে শিকা দিয়ে যে পৰিত্ৰান বিশ্বাস আৰু কৰ্ম্মৰ দাৰাই একেলগে অৰ্জন কৰা হয়, কেৱল বিশ্বাসৰ দাৰাই নহয়। আপুনি যদি এই দলৰ ভিতৰত, বা এই দলত থকা মানুহক চিনি পায়, তেন্তে সত্যৰ পক্ষ আৰু খ্ৰীষ্টৰ নিমিত্তে আপোনি ঈশ্বৰৰ কৃপাত খুব শীঘ্ৰে ওলাই আহিব লাগে। সিহঁতৰ ডাঙৰ দল আৰু জনপ্ৰিয় অৱস্তা হ‘লেও, সিহঁতে খ্ৰীষ্টক পাছে পাছে যোৱা নাই।

মুল বাইবেল পদ হ‘ল:

প্ৰকাশিত বাক্য ২২:১৮ – এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনত যোগ কৰিব;

মথি ২৩:৯ – পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।

১ যোহন ৫:২১ – তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে বোপাহঁত, দেৱমূৰ্ত্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।