আত্মাৰ ফল – প্ৰেম

যেতিয়া এজনক খ্ৰীষ্টৰ দ্বাৰাই শুচি কৰা হয়, ঈশ্বৰৰ লগত হোৱা সহভাগিতা আৰম্ভ কৰি পবিত্ৰ আত্মাই আহি সিহঁতত বাস কৰে। আমাৰ অন্তৰত পবিত্ৰ আত্মাৰ উপস্থিতিয়ে পবিত্ৰতা উৎপন্ন কৰে। ইয়াত যি ঈশ্বৰৰ দৃষ্টিত বাস্তৱিক মিঠা ফল হয়, ঈশ্বৰে আমাক বুজাইছে। আমাৰ পৰিচাৰ্য্য-কৰ্মলৈ তেওঁ ইমান গুৰুত্ব বোলি নাভাবে, কিন্তু আমাৰ অন্তৰৰ গভিৰত থকা ভাব-ভংগী আৰু ব্যৱহাৰ, যেনে প্ৰেম, আনন্দ, শান্তি, ইত্যাদি, তেওঁ গুৰুত্ব বোলি ভাবে। সকলো গুণৰ ভিতৰত প্ৰেম প্ৰধান হয়। ঈশ্বৰ প্ৰেম হয়, আৰু যাতে আমি তেওঁৰ প্ৰতি আৰু মানুহৰ প্ৰতি প্ৰেম কৰিবলৈ শিকোঁ ইচ্ছা কৰে। আমি বিধানৰ অধীনত নাথাকিলেও, আমি যদি প্ৰেম কৰিবলৈ শিকোঁ, তেন্তে আমি আপন-আপনি সকল বিধানৰ আজ্ঞাবোৰক সিদ্ধ কৰোঁ। যি জীৱন-যাপন ঈশ্বৰে আমাৰ বাবে বিচাৰে, কি সৰল আৰু মহান। প্ৰভুৰ স্তুতি হওঁক!

গালাতীয়া ৫:২২-২৩ – কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।