আত্মাৰ ফল – শান্তি

এই জগতৰ শান্তি ঈশ্বৰৰ পৰা নহয়, আৰু সেই কাৰণে আমাৰ বেলেগ পৰিস্থিতিবোৰত কমি আৰু বাঢ়ি যায়। সকলোৰ বাবে যি প্ৰয়জনীয় হয় – সত্য শান্তি, কেৱল পবিত্ৰ আত্মাৰ কামত পোৱা যায়, যেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বিষয় আমাৰ অন্তৰত লগায়। ক্ৰুচত পাপৰ ক্ষমা আৰু ঈশ্বৰৰ লগত মিলন হোৱা খ্ৰীষ্টৱে কিনিলে। যেতিয়া সকল পাপৰ শক্তিবোৰৰ পৰা আৰু মন্দৰ পৰা আমি খ্ৰীষ্টৰ কাৰণে উদ্ধাৰ পাওঁ, তেতিয়া শান্তি বাস্তবিকভাবে আৰম্ভ কৰে। ঈশ্বৰৰ লগত তোমাৰ শান্তি আছে নে? সঁচাকৈ আছে যদি, সেইটো তোমাৰ সাধাৰণ জীৱন-যাপন আৰু বেলেগৰ লগত থকা শান্তি সলনি কৰিব। পবিত্ৰ আত্মাৰ দাৰাই কস্তত আৰু ভোগ পোৱাৰ সময়ত তুমি শান্ত থাকিব পাৰে আৰু ঈশ্বৰৰ ওপৰত থকা তোমাৰ বিশ্বাস থাকিব পাৰে। এটো ঈশ্বৰক মহিমা দিয়ে আৰু সঁচাকৈ পবিত্ৰ জীৱন হয়। দুশ্চিন্তা আৰু সংশয় পাপ, কিন্তু শান্ত বিশ্বাস ধাৰ্মিক হয়। এই বিষয়ত প্ৰভুৱে আমাক বৃদ্ধি পাবলৈ সহায় কৰে।

গালাতীয়া ৫:২২-২৩ – কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।