আত্মাৰ ফল – আনন্দ

ঈশ্বৰে নিজে যি আছে আৰু নিজে যি কৰে, তেওঁৱে এই কথাত আনন্দ পায়, আৰু সেই কাৰণে যেতিয়া এজন বিশ্বাসকাৰীৰ নতুন জন্ম হয়, সিও প্ৰভুত আনন্দ পাব। এটো পবিত্ৰ আত্মাৰ কাম – যে আমি জগতত আনন্দ আৰু সুখ নাপাওঁ কিন্তু ঈশ্বৰৰ পৰিচয়ত আৰু তেওঁৰ সৃষ্টি আৰু মুক্তিৰ মহা কাৰ্য্যত। এজন দুখী মন-মৰা খ্ৰীষ্টান পবিত্ৰ খ্ৰীষ্টান বোলি হ‘ব নোৱাৰে, কাৰণ পবিত্ৰতাৰ এবিধ অৰ্থ হ‘ল প্ৰভুত সুখী থকা। তুমি নো সুখী নে? তুমি ঈশ্বৰৰ প্ৰেমত আৰু মহিমাত সন্তুষ্ট নে? তেওঁৰ কাম আৰু পথ তোমাক আনন্দ দিয়ে নে?

ইতিহাসত সঁচা খ্ৰীষ্টান হ‘ল যি যোনে ডাঙৰ সঙ্কটত নিজত থকা আনন্দক চুৰ কৰা হ‘বলৈ নিদিলে। আৰু যীচু খ্ৰীষ্টক মনত ৰাখা, আমাৰ আনন্দৰ উত্তম উদাহৰণ। আন কি যেতিয়া মানুহে তেওঁক অগ্ৰাহ্য কৰিলে, অন কি যেতিয়া তেওঁ কালভাৰিলৈ চাপিছে, তেওঁ পিতৃত আনন্দ পাৰিছিলে। তেওঁ এই কথাৰ উত্তম উদাহৰণ, “শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত…”।

গালাতীয়া ৫:২২-২৩ – কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।